102
নগাঁও/গোৰেশ্বৰ/খেৰণিঃ দেশৰ চৰকাৰে ৰূপায়ন কৰা গ্ৰাম স্বৰাজ অভিযানৰ অধিনত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উজ্জ্বলা দিৱস পালন কৰা হয়৷ ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো উজ্জ্বলা দিৱস পালন কৰা হয়৷ বাক্সা জিলাৰ এইচ পি গেছৰ নোডেল বিষয়া অনীশ দেৱে বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰামপুৰ, নিকাচী, দৰংগা, বৰিমাখা, নাগ্ৰীজুলি, শালবাৰী, মুছলপুৰ, শিমলা, তামুলপুৰ আৰু দ্বাৰকুছিত উজ্জ্বলা দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে।
