64
ডিজিটেল ডেস্কঃ ফিফাৰ অনুৰ্ধ-১৭ ৱৰ্ল্ড কাপ আয়োজনৰ বাবে সাজু হৈছে ভাৰত। ৬-২৮ অক্টোবৰলৈ হ’বলগীয়া এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰাৰ বাবে ভাৰতে পোনপ্ৰথমবাৰৰ বাবে আয়োজক দেশ হিচাপে সুযোগ লাভ কৰিছে।
টুৰ্ণামেণ্টৰ প্ৰথমখন মেচ ৰাজধানী চহৰ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এইখন খেলত ভাৰতৰ অনুৰ্ধ-১৭ দলটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মুখামুখি হ’ব।