গোৱালপাৰাঃ পশ্চিম গোৱালপাৰাৰ জয়পুৰত আজি পুৱা সংঘটিত হয় এক অগ্নিকাণ্ড। পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত নতুন জয়পুৰ বজাৰৰ ওচৰত থকা ৰামহৰি (৩ নং খণ্ড) চৰত শুকুমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে শুকুমুদ্দিন আলীৰ যৌথ পৰিয়ালৰ চাৰিটাকৈ ঘৰ, সা-সম্পত্তি নিমিষতে সম্পূৰ্ণৰূপে জুইত জাহ যায়।
এই ঘটনাত শুকুমুদ্দিন আলীৰ এটি ৩ বছৰীয়া কন্যা সন্তানে জীৱন্তে অগ্নিদগ্ধ হৈ শোকাৱহ মৃত্যুক সাবতি লয়। অগ্নিকাণ্ডৰ মাজতে কন্যা শিশুটোক উদ্ধাৰ কৰিবলৈ যোৱা দুজনকৈ পুৰুষ-মহিলাও অগ্নিদগ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।