গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ আঁঠগাও কৱৰস্থানৰ সমীপত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাত ৰাইজ শংকিত হৈ পৰে৷ কলা ধোৱাই অঞ্চলটো আৱৰি ধৰাত ৰাইজ শংকিত হৈ পৰে৷ জানিব পৰা মতে, আঁঠগাৱৰ এচি প্ৰকাণ্ড প্লাষ্টিকৰ সামগ্ৰী মজুত কৰি ৰখা গুদামত পুৱাৰ ভাগত ধোৱা ওলাই থকা প্ৰত্যক্ষ কৰে৷
একাংশ লোকে গুদামটোৰ ভিতৰত জুই লগা বুলি থিৰাং কৰে৷ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৰাইজে৷ কিছু সময় পিছত তিনি খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই লাগি থকা গুদামৰ ওচৰলৈ যাবলৈ সক্ষম নহয়৷