কাৰ্বি আংলঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি এলেকাৰ এটা পাৰ্কিংত হঠাতে দাউ দাউকৈ জ্বলি উঠিল এটা ঘৰ ৷ বোকাজান মহকুমাৰ মাজেদি চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খটখটি এলেকাৰ এটা পাৰ্কিংত থকা এটা বাহৰ ঘৰত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷
পাৰ্কিংত থকা উক্ত ঘৰটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত ঘৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ উপৰিও সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈও কলা ধোঁৱাই ছানি ধৰে ৷ তাৰোপৰি পাৰ্কিংস্থলীৰ কাষতে থকা ৰাজপেলেচ নামৰ এখন হোটেলত জুইৰ শিখাই চুই যোৱাত হোটেলখনৰ কিছু অংশ ক্ষতি হয় যদিও ঘটনাস্থলীত বোকাজান অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হোৱাৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে হোটেলখনৰ লগতে বৃহৎ অঞ্চলটো ৷