ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চ্যাওলুং চুকাফাক শ্ৰদ্ধাৰে সোঁৱৰা হয় ৷ চ্যাওলুং চুকাফা দিৱস উপলক্ষে আজি ডিফুৰ ধৰমনালাস্থিত তাই আহোম কালচাৰেল হলত তাই আহোম কালচাৰেল ছ’চাইটি আৰু পূৰ্বাঞ্চল তাই আহোম সাহিত্য সভাৰ যৌথ উদ্যোগত আহোম পৰাম্পৰাগত প্ৰথাৰে দিনযোৰা কাৰ্যসূচীৰে চ্যুকাফা দিৱসটি পালন কৰা হয় ৷
এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সভাপতিদ্বয় ক্ৰমে, চ্যাও প্ৰিয়ৰাম দিহিঙ্গীয়া আৰু চ্যাও পুতুল চেতিয়াই ৷ ইয়াৰ পিছতে শিশু সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু বিয়লি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷