Home অন্যান্য খবৰসাহিত্য সভাৰ অধিবেশনত আটচবাজী প্ৰদৰ্শন,সাহিত্যপ্ৰেমীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

সাহিত্য সভাৰ অধিবেশনত আটচবাজী প্ৰদৰ্শন,সাহিত্যপ্ৰেমীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

by News Desk
A+A-
Reset
91098001-7fc2-4533-954c-219e61d38af8

জোঙাল বলহু সমন্বয় ক্ষেত্ৰঃ  আৰম্ভনিৰ দিনটোৰ পৰাই বিভিন্ন খেলিমেলি আৰু অঘটনৰ মাজেৰে নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ বিশেষ অধিবেশনত দ্বিতীয় দিনাৰ সন্ধিয়া ৰূপায়ণ কৰা আটচবাজী প্ৰদৰ্শনক লৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি এই কাৰ্যসূচীক লৈ তীব্ৰ বিষোদকাৰ প্ৰকাশ কৰিছে কেইবাজনো সাহিত্যক্ষেত্ৰ লগত জড়িত বিশিষ্ট ব্যক্তিয়ে ৷ 

উল্লেখ্য যে,কালি সন্ধিয়া আয়োজক সমিতিয়ে সকলোকে চমকিত কৰি প্ৰদৰ্শন কৰে আটচবাজি ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আটচবাজি প্ৰদৰ্শনৰ সময়ত অধিবেশনস্থলীত চলি আছিল এক কবিতা পাঠৰ অনুষ্ঠান ৷ ফলত স্বাভাবিকতেই নিমিষতে উদ্ভৱ হয় এক অনাহুত পৰিবেশ ৷ কিয়নো আটচবাজিৰ কোলাহলে কবিতা পাঠ কৰা কবি তথা উপস্থিত কাব্য ৰসিকসকলক অনুষ্ঠান উপভোগ কৰাত ব্যাঘাট জন্মে ৷ আনকি আটচবাজিৰ বিকট শব্দৰ বাবেই বহু সময়ৰ বাবে কবিতা পাঠৰ অনুষ্ঠানটো বন্ধ ৰাখিবলগীয়া হয় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0