ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম জনজাতি অধিকাৰ মঞ্চৰ প্ৰথম বাৰ্ষিক অধিবেশন। আজি পতাকা উত্তোলন, ছহিদ তৰ্পণ কাৰ্যসূচীৰ পিছতে আবেলি আৰম্ভ হয় মুকলি সভা। ৰঙিয়াৰ প্ৰাক্তন বিধায়ক পূৰ্ণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ত্ৰিপুৰাৰ সাংসদ জিতেন চৌধুৰী। সভাত সাংসদগৰাকীয়ে কয় যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনজাতি লোকসকলক প্ৰতাৰণা কৰি আহিছে। নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতিসমূহ শাসনভাৰ লোৱাৰ পিছত যি ধৰণে ৰূপায়ণ কৰিব লাগিছিল তেনে ধৰণে কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত জনজাতিসকলৰ সমস্যা সমস্যা হৈয়ে থাকিল।