185
newsnextone.com। নগাঁওঃ পুৰুষ নহয়, এইবাৰ মহিলাই বহুৱাইছে এখন বজাৰ৷ সম্পূৰ্ণ থলুৱা তথা ঘৰুৱা উৎপাদিত সামগ্ৰীৰে নগাঁও জিলাৰ ৰহাৰ ফুলগুৰিত বহিছে এইখন মহিলা বজাৰ৷ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলকন্ঠ মণ্ডল সংগঠনৰ উদ্যোগত আৰু গ্ৰামীন জীৱিকা অভিযান আচঁনিৰ অধিনত ৩১ টা মহিলা আত্ম সহায়ক গোটৰ সহযোগত ফুলগুৰিত আৰম্ভ হৈছে এইখন সপ্তাহিক বজাৰ৷
