জাজৰিঃ আকৌ আহিল অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু ৷ এই ভোগালীৰ আজি হেপাঁহৰ উৰুকা । অসমীয়াৰ ভোগৰ উৎসৱ। কৃষকে কপালৰ ঘাম মাটিত পেলাই সোনগুটি চপাই আনি আনন্দত মতলীয়া হৈ উলহ-মালহেৰে পালন কৰে এই উৎসৱ।
বিভিন্ন প্ৰকাৰৰ পিঠা-পনা, জা-জলপান, দৈ আদিৰে ঘৰখন উভৈনদী হৈ পৰে। এই ভোগালীৰ বতৰত পুখুৰী-বিল আদি জলাশয়ত উৰুকাৰ দিনা ৰাজহুৱাকৈ মাছ ধৰাৰ এক পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে । গাঁৱৰ সকলো মিলিজুলি স্ফূৰ্তি-তামাচাৰে জাকৈ-জুলুকি, পল, জাল আদিৰে সমূহীয়াকৈ মাছ ধৰি এসাজ খোৱাৰ আনন্দই সুকীয়া। পুৰণি দিনৰ এনে পৰম্পৰা ৰক্ষা কৰি আজি নগাঁও জিলাৰ অন্তৰ্গত জাজৰিৰ বগৰিগুৰিৰ ৰাইজে ঐতিহাসিক ধোৱাখোৱা পুখুৰীত সমূহীয়াকৈ মাছ ধৰি আনন্দত মতলীয়া হৈ পৰা দেখা যায় ৷