54
গুৱাহাটী প্ৰেছ ক্লাৱত স্পন্দন প্ৰকাশৰ দ্বাৰা প্ৰকাশিত পাঁচখনকৈ গ্ৰন্থ আজি উন্মোচন কৰা হয়। শৈলধৰ পাঠকৰ গল্প সংকলন “এজাক ৰ’দ এজাক বৰষুণ” উন্মোচন কৰে সুসাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে।
ডা° হিৰেণ গোঁহাই পাতনি সম্বলিত ডা: জীৱন দত্ত বৰুৱাৰ গ্ৰন্থ “যুক্তি প্ৰত্যয় ইত্যাদি” আৰু কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে লিখা “অন্ধবিশ্বাস আৰু সংস্কাৰ’’ উন্মোচন কৰে ক্ৰমে ড° গোবিন্দ প্ৰসাদ শৰ্মা আৰু ড° শিৱনাথ বৰ্মনে।