ডিজিটেল ডেস্কঃ পঢ়াশালীত অ-আ-ক-খৰ পিছতে শিকা দ্বিতীয়টো কথা আছিল পৃথিৱীখন ঘুৰণীয়া। ই সূৰ্যৰ চাৰিওফালে ঘুৰে। কিন্তু এটা নতুন বাদে বৰ্তমান বিশ্বজুৰী চৰ্চা লাভ কৰিছে। এই নতুন বাদটোৰ মতে পৃথিৱীখন ঘুৰণীয়া নহয়, ডিম্বাকৃতিৰো নহয়- ই চেপেটা।
ইমানতেই বৰ্ণনা শেষ হোৱা নাই। এই নতুন বাদৰ সাধকসকলৰ মতে পৃথিৱীখনক দুয়োফালে চেপেটা বৰফৰ বেৰে ঢাকি ৰাখিছে। তদুপৰি মধ্যাকৰ্ষণ এটি ভুৱা তত্ব বুলিও মত পোষণ কৰিছে এই ন চিন্তাৰ সাধকসকলে।
এই নতুন তত্বত বিশ্বাস কৰা লোকৰ সংখ্যা কিমান হ’ব অনুমান কৰিব পাৰিছেনে? এই নতুন তত্বৰ অনুগামীৰ সংখ্য হাজাৰ-বাৰশ নহয়- ৪০ হাজাৰৰো অধিক।
চেপেটা পৃথিৱীৰ তত্বত বিশ্বাসী জনপ্ৰিয় ৰিয়েলিটি শ্বো শিল্পী টিলা টাকিলা
এই তত্বত বিশ্বাস কৰা লোকৰ ভিতৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাতীয় বাস্কেট বল খেলৰ কিংবদন্তি খেলুৱৈ শ্বাক বুলি খ্যাত শ্বাকিলা অ’নীলকে ধৰি বিশ্ববিখ্যাত ৰেপ কণ্ঠশিল্পী বিওবি, সৰুপৰ্দাৰ প্ৰাক্তন তাৰকা টিলা টাকিলাৰ নামো অন্তৰ্ভু্ক্ত।
এই তত্বৰ প্ৰচাৰক কেলিফৰ্ণিয়াৰ ৩১ বৰ্ষীয় যুৱক নাথান থমছনৰ মতে মধ্যাকৰ্ষণ এক অপ্ৰামাণীকৃত তত্ব। নাছাৰ সকলো ভিডিঅ, চিত্ৰ, তথ্য নাকচ কৰা নাথানৰ মতে নাছা এক ভুৱা প্ৰতিষ্ঠান। নাছাই সংগ্ৰহ কৰা ভিডিঅ’, ফটোৰ সত্যতা নাই, আটাইবোৰ কম্পিউটাৰ সৃষ্ট আখ্যা দিছে নাথানে। আনকি পৃথিৱী সম্পৰ্কীয় পুৰ্বৰ তত্বটো একপ্ৰকাৰৰ ষড়যন্ত্ৰ বুলিছে নাথানে।
চেপেটা বিশ্বত বিশ্বাসী কিংবদন্তি বাস্কেটবল খেলুৱৈ শ্বাকিলা অ'নীল
বিশেষজ্ঞৰ মতে এই তত্বৰ বিশ্বাসীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ আঁৰত মনোবৈজ্ঞানিক কাৰণ লুকাই আছে। জ্ঞানৰ ক্ষেত্ৰখনত নিজকে আনতকৈ এখোপ ওপৰত থকা বুলি সন্তুষ্টি পাবলৈ এই তত্বত বিশ্বাস কৰা লোকৰ সংখ্যা বাঢ়িছে।
মই এনে এটা কথা জানে, যিটো আন দহজনে নাজানে- এনেধৰণৰ একপ্ৰকাৰৰ উচ্চাত্মিকতাৰ সোৱাদ লোৱাৰ বাবে আগ্ৰহী বহুতেই নাথানৰ অবৈজ্ঞানিক তত্বত অনুসৰণ কৰিছে বুলি বিশেষজ্ঞৰ বিশ্লেষণত প্ৰকাশ পাইছে।
চেপেটা পৃথিৱী অভিযানৰ টিশ্বাৰ্ট পৰিধানকাৰী সমৰ্থক
এই তত্বত আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু বহুতকে হাঁহিৰ খোৰাক দিছে এই নাভূত-নাশ্ৰুত কাণ্ডই। উল্লেখ্য যে প্ৰাচীন গ্ৰীক গণিতজ্ঞ ইৰাটস্থেনেচে খ্ৰীষ্টপূৰ্ব ১৯৫ ত তেওঁৰ মৃত্যুৰ আগতেই অদ্ভুত শুদ্ধতাৰে পৃথিৱীৰ পৰিধি জুখি উলিয়াইছিল।
বাতৰিৰ উত্সঃ ডেইলীমেইল