72
চামগুৰিঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত প্ৰায় ত্ৰিশখনৰো অধিক গাঁও বানপানীৰ কবলত পৰিছে৷ আহাৰ মহীয়া এই বানপানীৰ তাণ্ডৱলীলাত ৰাইজৰ লগতে পশুধনৰো আলৈ-আথানিৰ সৃষ্টি হৈছে৷
চামগুৰি সমষ্টিৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে বৈ যোৱা কলং, ডিজু নৈ আৰু ননৈ নৈৰ জলপৃষ্ঠ বাঢ়ি প্লাৱিত কৰিছে খেতিপথাৰ আৰু বাসস্থান৷ বাঢ়নী পানীয়ে গ্ৰামাঞ্চল সমূহ প্লাৱিত কৰি তোলাত বানাক্ৰান্ত ৰাইজ শংকিত হৈ পৰিছে৷