newsnextone.com | ওৰাংঃ অৰুণাচলৰ পাহাৰত আৰু ভাৰত-ভূটান সীমান্তত নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত তীব্ৰ আতংকত দিন পাৰ কৰিব লগা হৈছে ওদালগুৰি জিলাৰ ওৰাঙৰ কেইবা খনো গাঁৱৰ লোকে।
পাগলা নৈ, ধনশ্ৰী নৈ, পাঁচনৈৰ বাঢ়নী পানীয়ে ওদালগুৰি জিলাৰ ওৰাঙৰ বিভিন্ন অঞ্চল ইতিমধ্যে ডুবাই পেলাইছে। বানৰ কৱলত পৰি বহু কেইখন গাঁৱৰ লোকে হাহাকাৰ কৰিব লগা হৈছে। দুদিন ধৰি নেৰানেপেৰা বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নৈ কেইখনৰ পানীৰ প্ৰবল সোতৰ ফলত অঞ্চলটোৰ গাঁও সমূহ বানৰ কৱলত পৰে ।