সৰভোগঃ ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে ৰাজ্যৰ বানপীড়িতক সহায় কৰাৰ বাবে ওলাই আহে৷ পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা অৰ্থ সংগ্ৰহ কৰি বান বিধ্বস্ত অঞ্চলৰ লোকক ৰাজ্যৰ দল-সংগঠনে সহায় সহযোগ কৰিছে৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সৰভোগ আঞ্চলিক সমিতিয়ে সৰভোগ নগৰত আজি বান সাহায্য পুজি সংগ্ৰহ অভিযান চলায়৷
সৰভোগ অঞ্চলৰ একাংশ লোকে সৰভোগ চহৰত এই পুজি সংগ্ৰহ কৰিছে৷ সংগ্ৰহ হোৱা সমুদায় ধন বানত বিধ্বস্ত অঞ্চলৰ ৰাইজক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে দলটোৰ নেতৃত্বই।