গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ চহৰৰ মাজেৰ পাৰ হৈ যোৱা ৰঙিয়া-মুৰ্ককচেলেং ব্ৰডগজ ৰে’লপথৰ ওপৰত গোৰেশ্বৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ দিন-বাৰ ঠিক কৰি বিপিএফ দলে প্ৰচাৰ চলোৱাই নহয়, বহু লোকক আমন্ত্ৰণো জনাইছিল৷
আজিৰ পৰা প্ৰায় পাঁচমাহ পূৰ্বে সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী গণেশ কছাৰী আৰু মহেশ্বৰ বসুমতাৰীয়ে উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগে লগে গোৰেশ্বৰৰ বিপিএফ নেতা-কৰ্মীয়ে গোৰেশ্বৰত ৰে’লপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ হ’ব বুলি ব্যাপক প্ৰচাৰ চলায় যদিও সম্প্ৰতি উৰণীয়া সেতুৰ নিৰ্মাণ প্ৰসংগটো ক্ৰমাৎ ধূসৰ হৈ পৰিছে।