নলবাৰীঃ নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত নৰোৰাম বৰ্মন সোৱঁৰণী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ সোণালী জয়ন্তীৰ চুড়ান্ত খেল আজি অনুষ্ঠিত হয়। খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধন ভাষনত মুখ্যমন্ত্ৰীয়ে খেলে শৰীৰৰ দূৰ্বলতা কমাই বুলি কয়।
যাৰ বাবে প্ৰতিজন মানুহেই খেলা খেলিব লাগে বুলি কৈ বৰ্তমান সময়ত ৰাজ্যত অপশক্তি এচামে অৰাজক পৰিবেশ সৃষ্টিৰ বাবে চক্ৰান্ত চলাই থকা বুলি কয়। এনে সময়ত সকলো স্তৰৰ ৰাইজ ঐক্যবদ্ধ হৈ শান্তি শৃংখলা বজাই ৰখাত চৰকাৰক সহায় কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দই।