newsnextone.com | গুৱাহাটীঃ অস্ত্ৰবিহীন বিশ্বযুদ্ধ৷ দুই ভৰিৰ যাদুৰে বিশ্বযুদ্ধ কৰিব ৩২ খন দেশে৷ যুদ্ধৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ বিশ্ব৷ কোনোৱে মোবাইলত, কোনোৱে ষ্টেডিয়ামত, কোনোৱে টিভিৰ সন্মুখত বহি উপভোগ কৰিব যুদ্ধ৷ কোনে দখল কৰিব এই যুদ্ধৰ খিতাপ৷ হয়, বিশ্বকাপ ফুটবলৰ কথাকেই কৈছোঁ৷ কেইটামান ঘণ্টাৰ পিছত আৰম্ভ হ’বলগীয়া বিশ্বকাপ ফুটবৰল মহাৰণক লৈ সমগ্ৰ বিশ্ব উদগ্ৰীৱ৷
প্ৰথম বাৰ ১৯৩০ চনত উৰগুৱেত আৰম্ভ হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা প্ৰতি ৪ বছৰৰ মূৰকত আয়োজন হৈ আহিছে৷ এইবাৰ ২১ সংখ্যাক ফুটবল প্ৰতিযোগিতা৷ বৃহস্পতিবাৰে মস্কোৰ লুজনিকী ষ্টেডিয়ামত শুভৰাম্ভ হ’ব৷ ১৯৩০ চনত ৪,৬৪০০০ মানুহে খেল চাইছিল৷ ১৩টা দল আছিল৷ এতিয়া ৮৮ বছৰ পিছত দল হৈ পৰিল ৩২ টা৷ ১১ স্থানত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কোটি কোটি জনতাই ষ্টেডিয়াম আৰু মোবাইল, টিভিত খেল চাব৷