newsnextone.com | তামুলপুৰঃ ফুটবল খেলক তামুলপুৰ অঞ্চলত আৰু অধিক জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰিছে কেইবাটাও অনুষ্ঠানে। শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, গোর্খা উন্নয়ন পৰিষদ, হাজং উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথ যোগী উন্নয়ন পৰিষদ আৰু মদাহী উন্নয়ন পৰিষদে ১৩ জুলাইৰ তামূলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অনুষ্ঠিত কৰে ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ ১ আগষ্টত সামৰণি পৰে।
শুকুৰবাৰে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি অনুষ্ঠানত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সমৰ অধ্যক্ষ দীপক ডেকা, গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ লোকনাথ উপাধ্যায়, আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাফেল কুজুৰ, হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ হাজং, মদাহী উন্নয়ন পৰিষদৰ অধ্যক্ষ মকুণ্ড মদাহী, বিটিচিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, তামূলপুৰ ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈ ,সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস উপস্থিত থাকে।