চৰাইদেউ, বৰহাটঃ শিৱসাগৰ জিলাৰ সাতখন সংৰক্ষিত বনাঞ্চল বেদখলৰ কবলত তথা ধ্বংসৰ গৰাহত ৷ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাস্থিত একমাত্ৰ গেলেকী সংৰক্ষিত বনাঞ্চল,শিৱসাগৰ মহকুমাৰ পানী দিহিং সংৰক্ষিত বনাঞ্চল আৰু চৰাইদেউ জিলাত অৱস্থিত দিল্লী সংৰক্ষিত বনাঞ্চল,অভয়পুৰ সংৰক্ষিত বনাঞ্চল, দিৰৈ-ৰাঙলী সংৰক্ষিত বনাঞ্চল, সাপেখাতি সংৰক্ষিত বনাঞ্চল আৰু চলা সংৰক্ষিত বনাঞ্চল ৷
বৃহৎ দিল্লী সংৰক্ষিত বনাঞ্চলৰ মুঠ ৫৫০৮ হেক্টৰৰ মাটি কালিৰ ৩১০৮ হেক্টৰ সংৰক্ষিত বনাঞ্চল আৰু ২৪০০ হেক্টৰ আনক্লাছ ফৰেষ্ট ৷