হোজাই/মোৰাঝাৰঃ বিলুপ্তপ্ৰায় ভিন্ন প্ৰজাতিৰ ২৩৮ বিধ থলুৱা বন শাকৰ এখন মেলা পাতি হোজাই বন বিভাগে এক ব্যতিক্ৰমী প্ৰয়াস চলোৱা কাৰ্যই ৰাইজৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছে৷ ডবকা বন বিভাগৰ উদ্যোগত আয়োজিত এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
দক্ষিণ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত যমুনাভেলী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত হালধিআটীস্থিত কেম্পা নাৰ্ছাৰীত এই ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ডবকা বনাঞ্চল জৈৱ-বৈচিত্ৰ্যৰ ভাণ্ডাৰ ৰূপে পৰিচিত৷ এই বনাঞ্চলৰ অন্তৰ্ভাগত বহু দুষ্প্ৰাপ্য অথচ ঔষধী তৃণ-গছ আছে৷