কোকৰাঝাৰঃ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী অভিমুখী ইঅন গাড়ী এখন আজি কোকৰাঝাৰ জিলাৰ পাটগাঁওৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাগ্ৰস্থ হোৱাত ইঅন গাড়ীৰ আৰোহী মমতাজ বেগম (২৫) থিতাতে নিহত হোৱাৰ উপৰিও গাড়ীখনত থকা আন তিনিগৰাকী যুৱতী আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে গাড়ীখনৰ চালকগৰাকীও আহত হয় । আহত তিনিগৰাকী যুৱতী হ’ল ক্ৰমে ডিব্ৰুগড়ৰ জুনমণি মেচ (২২), আতিমা বেগম (২০) আৰু মাইনা ছেত্ৰী (২১)। আনহাতে আহত চালকগৰাকী নতুন দিল্লীৰ শচীন উপাধ্যায়(৩৭) ।
প্ৰাপ্ত বাতৰি মতে কালিয়েই ডিব্ৰুগড়ৰ পৰা ৰাওনা হোৱা ইঅন (নং এএচ ০৬;৫৩৯০) গাড়ীখন আজি তীব্ৰবেগে শ্ৰীৰামপুৰ অভিমুখে গৈ থাাকোতে পাটগাঁওৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰেক্টৰৰ সতে মুখামুখি সংঘৰ্ষ হয়। দূৰ্ঘটনাৰ ফলত গাড়ীখনৰ আটাইকেইগৰাকী আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে মমতাজ বেগম ঘটনাস্থলীতে নিহত হয়।