61
বিশ্বনাথঃ বিশ্বনাথৰ নৰ্ডান ৰেঞ্জৰ আন এক সফলতা। বৃহস্পতিবাৰে আটক কৰা চোৰাংচিকাৰী বৰবাবুৰ স্বীকাৰোক্তিৰ পম খেদি এটা ৩০৩ মাৰ্ক ৪ ৰাইফল আৰু ৫ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বনবিভাগ।
উদ্ধাৰ কৰা ৰাইফলটো সম্প্ৰতি জেলত থকা চোৰাংচিকাৰী কাতিখোৱা ওৰফে হবিবুৰে ৰাখিবলৈ দিছিল বৰবাবুক। জেলৰ পৰা ওলাই আহিলেই পুনৰ গড় নিধনৰ পৰিকল্পনা কৰিছিল বৰবাবু আৰু কাতিখোৱাই।