71
হোজাইঃ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ উদ্যোগত বুধবাৰে হোজাইত ৬৮ তম বন মহোৎসৱ পালন কৰা হয়৷ হোজাইৰ কপিলী উপত্যকা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ কাৰ্বিআংলং সীমান্তৰ কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ ২ হেক্টৰ ভূমিত ৫ হাজাৰ গছপুলি ৰোপণ কৰা হয়৷
এই কাৰ্যসূচীত উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক পি শিৱকুমাৰ, হোজাইৰ উপায়ুক্ত ডঃ এছ লক্ষ্মনন, হোজাইৰ আৰক্ষী অধীক্ষক দেৱজিৎ মুখাৰ্জী, বন প্ৰাধিকাৰী শ্বফিকুৰ ৰহমান সহ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি গছ পুলি ৰোপণ কৰে।