59
চিচিবৰগাঁওঃ পৰিৱেশৰ সৈতে কেনেদৰে একাত্ম হ’বপৰা যায়, সেয়া অৰণ্য মানৱ যাদৱ পায়েঙৰ মুখেৰে শুনাৰ বাবে মঙলবাৰে এক মত বিনিয়ম অনুষ্ঠান অনুষ্ঠিত হয় ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত।
সাহিত্য তথা সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন অগতানুগতিক অনুষ্ঠান আয়োজন কৰি অহা মহাবিদ্যালয়খনৰ এই অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আধাৰিত তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয়।