45
বঢ়মপুৰঃ চামগুৰিত ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম শনিবাৰে উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে শুকুৰবাৰে নিশা চামগুৰিৰ উদমাৰি স্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ।
২০-২৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে বন কৰ্মী নথকাৰ সুযোগ গ্ৰহণ কৰি হাতে-হাতে চোকা অস্ত্ৰলৈ অতৰ্কিতে আক্ৰমণ চলাই সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰে কাৰ্যালয়টো। সমীপতে থকা বন বিভাগৰে এটা পৰিদৰ্শন ভৱন লণ্ড-ভণ্ড কৰে দলটোৱে।