গোলকগঞ্জঃ বনকৰ্মীৰ কৰ্মৰ গাফিলতিৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়৷ কিন্তু এইবাৰ প্ৰকৃতিৰ হকে যুঁজ দি মৃত্যুক সাবতি লোৱা বনকৰ্মী এজনৰ বাতৰিয়েহে শোকৰ ছাঁ পেলাইছে তামাৰহাটত। গছ কটা ৰক্ষা কৰিবলৈ গৈ মাফিয়াৰ হাতত প্ৰাণ হেৰুৱাবলগা হ’ল এজন বনকৰ্মীয়ে৷

তামাৰহাটত বনাঞ্চলত থকা শাল গছ কটাত বাধা দিয়াৰ বাবেই বন মাফিয়াই হত‍্যা কৰিলে বনকৰ্মীক। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উত্তৰ বৰুণডাঙা গাঁৱৰ প্ৰমেশ্বৰ ৰায়ে বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বাশবাৰী ৰেঞ্জত বনকৰ্মী হিচাপে কাম কৰি আছিল।

বনাঞ্চলখনত থকা শাল গছসমূহ বন মাফিয়াই কাটি থকাত তেওঁ বাধা প্ৰদান কৰাত কুঠাৰেৰে ডিঙিত আঘাত কৰি পলায়ন কৰে বন মাফিয়া।

পিছত বনকৰ্মীজনক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পথতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷