গোলকগঞ্জঃ বনকৰ্মীৰ কৰ্মৰ গাফিলতিৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়৷ কিন্তু এইবাৰ প্ৰকৃতিৰ হকে যুঁজ দি মৃত্যুক সাবতি লোৱা বনকৰ্মী এজনৰ বাতৰিয়েহে শোকৰ ছাঁ পেলাইছে তামাৰহাটত। গছ কটা ৰক্ষা কৰিবলৈ গৈ মাফিয়াৰ হাতত প্ৰাণ হেৰুৱাবলগা হ’ল এজন বনকৰ্মীয়ে৷
তামাৰহাটত বনাঞ্চলত থকা শাল গছ কটাত বাধা দিয়াৰ বাবেই বন মাফিয়াই হত্যা কৰিলে বনকৰ্মীক। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উত্তৰ বৰুণডাঙা গাঁৱৰ প্ৰমেশ্বৰ ৰায়ে বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বাশবাৰী ৰেঞ্জত বনকৰ্মী হিচাপে কাম কৰি আছিল।