নলবাৰীঃ নলবাৰী জিলা প্ৰকল্প সঞ্চালিকা কৃষ্ণা বৰুৱাৰ উপস্থিতিত মুকালমুৱাৰ ৰাজহুৱা খেলপথাৰত গ্ৰীন গেলাৰীৰ আধাৰশিলা স্থাপন কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকাই৷

বিজেপিৰ কেইবাগৰাকী নেতাৰ লগতে অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত সমষ্টিটোৰ বিধায়ক ডেকাই গ্ৰীন গেলাৰীৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰি উন্নয়ন বিকাশেৰে সমগ্ৰ ৰাজ্য তথা নলবাৰী সমষ্টিও আগবাঢ়িছে বুলি কয়।