খৈৰাবাৰীঃ ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে একে উশাহত নটাকৈ আধাৰশিলা আৰু উদ্বোধন কাৰ্যসূচী সমাপন কৰে৷ কোনো এখন ৰাজহুৱা সভাত এক মিনিটো শ্ৰী মহিলাৰীয়ে ভাষণ প্ৰদান নকৰিলে৷
আজি জিলাখনৰ ৰাইজৰ মেৰুদণ্ড স্বৰূপ টংলা দেৱৰ গুৰুত্বপূৰ্ণ পাঁচ কি.মি. পথৰ আধাৰ শিলা স্থাপন কৰে হাগ্ৰমা মহিলাৰীয়ে৷ ২০১৭-১৮ বৰ্ষৰ প্ৰধান মন্ত্ৰী বিশেষ আৰু আই চি বি পি আঁচনিৰ অধীনত ১২ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া টংলা দেৱৰ পথচোৱা আকৌ আজি অৰ্থাৎ একেজন ব্যক্তিৰদ্বাৰা শিলান্যাস কৰা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷