নগাঁওঃ বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ ভিতৰত মাগুৰ মাছৰ এক সুকীয়া আদৰ আছে৷ আনকি বহু ৰোগাক্ৰান্ত ব্যক্তিক চিকিৎসকে বহু সময়ত পথ্য হিচাপে ইয়াক খাবলৈ পৰামৰ্শ দিয়ে৷ কিন্তু আন বহু প্ৰজাতিৰ থলুৱা মাছৰ দৰে মাগুৰ মাছৰ সংখ্যা পূৰ্বৰ তুলনাত বৰ্তমানে ভালেখিনি হ্ৰাস পাইছে যদিও ইয়াৰ আদৰ কিন্তু মানুহৰ মাজত ক্ৰমান্বয়ে বৃদ্ধিহে পাব ধৰিছে৷
সকলোৰে দুৰ্বাৰ আশা-যিকোনো প্ৰকাৰে হ’লেও এই মাছবিধৰ জুতি লোৱা ৷ সেয়েহে ভোজনবিলাসী মানুহৰ মাজত ৰুচিবোধৰ বাবে মাগুৰ মাছৰ চাহিদা যথেষ্ট বেছি৷ যাৰ পৰিণতিত আজিৰ তাৰিখত অন্যতম বিলাসী সামগ্ৰীত পৰিণত হৈ পৰা মাগুৰ মাছৰ দৰ দিনক দিনে অভাৱনীয়ভাবে আকাশলংঘী হৈ পৰিছে ৷ কিন্তু চৰম আশ্চৰ্যজনক বিষয় যে, এচাম ধুৰন্ধৰ মৎস্য ব্যৱসায়ীয়ে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত গ্ৰাহকৰ অজ্ঞতা তথা সৰলতাৰ সুযোগ লৈ মাগুৰ মাছৰ নামত নিৰ্ভয়ে বিক্ৰী কৰিছে মাগুৰ কাৰ্প ৷