গোলকগঞ্জঃ চৰকাৰক প্ৰত্যাহ্বান জনাই সজল ফাউণ্ডেচনৰ মুখ্য সঞ্চালক সজল সিঙে তামাৰহাটত আজি বিনামুলীয়া এম্বুলেঞ্চ সেৱা মুকলি কৰে৷ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত সজল ফাউণ্ডেচন NGOৰ তৰফৰ পৰা প্ৰথম বৰ্ষপূতি উপলক্ষে বিনামূলীয়া চিকিৎস্যা শিৱিৰ আৰু ৰাইজৰ বাবে এম্বূলেঞ্চ মুকুলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত বিনামূলীয় চিকিৎসা শিৱিৰত ‘দ্য হাৰ্ট, সহৃদয় গোষ্টি’ তথা গুৱাহাটিৰ হৃদ বিশেষজ্ঞ চন্দন মদক আৰু নাক-কাণ-ডিঙি বিশেষজ্ঞ বুবুল চন্দ্ৰ ৰায়ৰ সহযোগত ১৩ গৰাকী বিভিন্ন চিকিৎসকৰ লগতে পশ্চিমবংগৰ ছয় গৰাকী বিশিষ্ট চিকিৎসকে এই শিবিৰত উপস্থিত হৈ চিকিৎসা প্ৰদান কৰে।

এই অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়া, ধুবুৰী উপ-অধীক্ষকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু তিনি সহশ্ৰাধিক স্থানীয় লোক৷ চিকিৎলা শিৱিৰৰ দ্বাৰ উন্মোচন কৰে মাজেন্দ্ৰ নাৰ্জাৰী আৰু এম্বুলেঞ্চ উদ্বোধন কৰে চয়নিকা ঠাকুৰীয়াৰ লগতে মাজেন্দ্ৰ নাৰ্জাৰীয়ে। এই শিবিৰত প্ৰায় ছয় হাজাৰ ৰোগীয়ে অংশ গ্ৰহণ কৰে।