68
সৰভোগঃ চুক্ৰুংবাৰী হাইস্কুলত ১ জুলাইৰ পৰা ৩০ জুলাইলৈ গ্ৰীষ্মকালীন বন্ধৰ সময়ত চুক্ৰুংবাৰী অঞ্চলৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে।
এই শিবিৰত গনিত, বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া আৰু ইংৰাজী বিষয়ত পাঠদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে। নামভৰ্তিৰ মাচুল মাত্ৰ এশ টকা।