সৰভোগঃ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন দখলা আৰু সত্ৰপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসুচীৰ দেওবাৰে সাণৰণি পৰে।

১-৩০ জুলাইলৈ মাহ যোৰা গ্ৰীষ্মকালীন পাঠদানত মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিবিৰত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ২৫ গৰাকী শিক্ষকে শিক্ষাদান কৰে। শিক্ষাদানৰ লগতে চিত্ৰাংকন, কুইজ, আকষ্মিক বক্তৃতাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

দেওবাৰে দখলা এম ভি স্কুলত অনুষ্ঠিত সামৰণি তথা বঁটা বিতৰনী সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভাৰম্ভ কৰে কৰুণা ঠাকুৰীয়াই। শংকৰ শৰ্মাৰ সঞ্চলনাত অনুষ্ঠিত সভাত এছ এফ আইৰ কামৰূপ জিলা সমিতিৰ সম্পাদক আব্দুল বাছেৰ উপস্থিত থাকে৷

সভাত গ্ৰীষ্মকালীন পাঠদানত শিক্ষাদান কৰা যুৱক-যুৱতী সকলৰ উপৰিও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলেও অভিনন্দন সূচক বক্তব্য আগবঢ়াই। সভাত ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কিৰন কলিতা আৰু সমজসেৱক যতীন তালুকদাৰে উপস্থিত থাকি ভূয়সী প্ৰসংশা কৰে সংগঠন দুটাক। বঁটা বিতৰনী সভাত মুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। সভাত শলাগৰ শৰাই আগবঢ়াই পূৰ্ণিমা দাসে।