গহপুৰঃ ৰাজ্যখনৰ মানচিত্ৰত ঐতিহ্যমণ্ডিত ঠাই হিচাপে গহপুৰৰ সুকীয়া স্থান আছে । বাসুদেৱ দৌল, ধন্দি দৌল, কল্যাণী থান, সূৰ্য মন্দিৰ, দক্ষিণ পাট কলাবাৰী সত্ৰকে আদি কৰি বহুতো ঐতিহাসিক ক্ষেত্ৰ আছে।
আহোম ৰাজত্ব কালতে হওক নতুবা ভাৰতৰ স্বাধীনতা আন্দোলনতে হওক গহপুৰে এক সুকীয়া ভূমিকা পালন কৰি আহিছে। গহপুৰৰ জীয়ৰী বীৰংগনা কনকলতা বৰুৱাই ১৮ বছৰ বয়সতে দেশৰ বাবে শ্বহীদ হৈছিল। আহোম স্বৰ্গদেউ ধন্দি ৰজাই নিৰ্মান কৰা ধন্দি দৌল, সেইযোগৰে অন্য এক কৃতি চিহ্ন বাসুদেৱ দৌল আৰু বৰপুখুৰী গহপুৰৰ সোণালী ইতিহাস।