মঙলদৈঃ জুৱাৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ চৰ অঞ্চল৷ এনেই বুঢ়ী নাচনী তাতেই আকৌ নাতিনীৰ বিয়া৷ হয়, জুৱাৰ প্ৰচলন চলি থকাৰ মাজতে দীপাৱলীৰ বতৰ৷ জুৱাৰ বতৰত কোনে পায় দৰংৰ চৰ অঞ্চলৰ জুৱাৰীক৷ পুৱাৰে পৰা লুঙী পিন্ধি লাগি গৈছে জুৱা খেলাত৷
কিন্তু পবিত্ৰ শুকুৰবাৰ দিনটো জুৱাৰিৰ বাবে আছিল বেয়া দিন৷ জুৱাত মছগুল হৈ থকাৰ সময়তে জাল পৰিল দৰং আৰক্ষীৰ৷ পলাবও নাপালে বেচেৰা জুৱাৰীহতে৷ দৰঙৰ চৰ অঞ্চলত তীৰ জুৱাৰ অবাধ প্ৰচলনৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জিলা খনৰ ধূলা আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হয় ৮ জুৱাৰিক৷ শুকুৰবাৰে আটক কৰে আঁঠ জুৱাৰীক।