গুৱাহাটীঃ পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মাতৃয়ে৷ ব্যাকুল হৈ পৰিছে পুত্ৰৰ মুখ খন চাবলৈ৷ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া সদৰ থানাৰ অন্তৰ্গত ৰেলৱে কলনিৰ সুৰেশ বাল্মিকী আৰু অনিতা বাল্মিকীৰ ১২ বছৰীয়া পুত্ৰ সেৱক বাল্মিকী যোৱা ৬০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ থকাত মাতৃয়ে হাহকাৰ কৰা পৰিলক্ষিত হৈছে৷
যোৱা ১৮ অক্টোবৰৰ বিয়লি ৫ বজাত ৰেলৱে কলনিৰ পৰা নিৰুদ্দশ হয় সেৱক৷ ১৯ অক্টোবৰত পৰিয়ালে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে যদিও তিনিচুকীয়া আৰক্ষীয়ে ১২ বছৰীয়া কিশোৰৰ নিৰুদ্দেশৰ ঘটনাক তিলমোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে৷