নগাঁওঃ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে ম’হযুঁজ প্ৰতিযোগিতা। ইতিমধ্যে, ন্যায়ালয়ৰ প্ৰতি সন্মান দেখুৱাই অধিকাংশ অঞ্চলতেই মাঘ বিহুৰ অন্যতম পৰম্পৰা ম’হযুঁজ অনুষ্ঠিত কৰাৰ পৰা গঞাৰাইজ বিৰত আছে যদিও ঠায়ে ঠায়ে এতিয়াও চলি আছে এই প্ৰতিযোগিতা ৷ কিন্তু কোনো কোনো ঠাইত অকল ম’হযুঁজেই নহয় ম’হ যুঁজৰ নামত চলিছে মুকলিকৈ জুৱা আড্ডা । য’ত অংশ লৈছে শিক্ষক,ব্যৱসায়ী,খেতিয়ককে ধৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীও৷ পেলাইছে বান্দিলে বান্দিলে টকা।
এই ক্ষেত্ৰত ধিং আৰক্ষী থানাৰ অন্তর্গত আহোম গাওঁ উপ আৰক্ষী চকীৰ নিজেই কাষতেই সম্পূৰ্ণ মুকলিকৈ চলি থকা বৃহৎ জুৱা খেলৰ কথা ক’ব পাৰি৷ পুৱাৰে পৰা অবিৰতভাবে ঝাণ্ডি-মুণ্ডাৰ মাধ্যমেৰে চলা এই জুৱাৰ আড্ডাত লাখ লাখ টকাৰ লেনদেন হোৱা দেখা গৈছে। এই জুৱাৰ ক’বলত পৰি বহুলোক সৰ্বস্বান্ত হ’বলগীয়া হৈছে যদিও এইক্ষেত্ৰত স্থানীয় আৰক্ষী নিমাত ৷