newsnextone.com | নগাঁও/বটদ্ৰৱাঃ বিশ্ব এথলেটিকছত স্বৰ্ণপদক আজুৰি আনি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা অসমৰ দৌৰৰ ৰাণী হিমা দাসৰ ঘৰলৈ প্ৰতি দিনে আগমন ঘটিছে বিভিন্ন লোকৰ৷ স্বৰ্ণ জয় কৰাৰ বাতৰি বিয়পি পৰাৰ দিনটোৰে পৰা প্ৰতিদিনেই পুৱাৰে পৰা বহু নিশালৈকে ৰাজনৈতিক নেতা, বিভিন্ন বেংকৰ বিষয়-ববীয়া, দল-সংগঠনৰ নেতা-কৰ্মীৰ পৰা সাধাৰণ জনতা, শুভাকাংক্ষীৰ আহ-যাহে হিমাৰ ঘৰত একপ্ৰকাৰে অব্যাহত আছে উদুলি-মুদুলি পৰিবেশৰ৷
সকলোৱে দেশৰ নাম বিশ্বৰ দৰবাৰত উজলাই তোলা হিমাৰ সফল পিতৃ-মাতৃক জনাই আহিছে শুভেচ্ছা আৰু অভিনন্দন৷ ইয়াৰ মাজতে সোমবাৰে বিয়লি হিমাৰ বাসগৃহত উপস্থিত হয় কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈ৷ সাংসদগৰাকীয়ে গৌৰৱময় সফলতাৰ বাবে হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে৷ আনকি হিমাৰ সফলতাত উৎফুল্লিত হোৱা সাংসদগৰাকীয়ে লগত অনা মিঠাই হিমাৰ ঘৰত উপস্থিত থকা লোকসকলৰ লগতে পৰিয়ালৰ সকলোকে খুৱাই আনন্দ-স্ফুৰ্তি কৰি আত্মহাৰা হৈ পৰে আৰু প্ৰায় এক ঘণ্টাৰো অধিক সময় হাঁহি-ধেমালি কথা-বতৰা পাতি পাৰ কৰে৷