গুৱাহাটীঃ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰো অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি। ৰাজ্যখনৰ প্ৰায় ৬৫ পৰা ৭০ শতাংশ লোক কৃষিৰ লগতে জড়িত। সেই কথা লক্ষ্য ৰাখি প্ৰতিখন চৰকাৰে কৃষক সকলক আৰ্থিকভাৱে সহায় কৰাৰ লগতে কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বহুতো অভিলাষী আঁচনি।
দেশৰ প্ৰধানমন্ত্ৰীৰপৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ৰাজ্যখনৰ কৃষক সকলক সহায় কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে বহুতো অভিলাষী আঁচনি। কিন্তু সেই আঁচনিসমূহে ৰাজ্যখনৰ কৃষক সকলক প্ৰকৃতাৰ্থত সাঙুৰি ল’ব পাৰিছে নে বৰ্তমান সময়ত ই কিন্তু এটা ডাঙৰ প্ৰশ্ন। তাৰ মাজতে পোহৰলৈ আহিছে কৃষি বিভাগৰ অধীনত গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত কৃষক সকলক ৭৫ শতাংশ ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰাৰ একাংশ পানীৰ মেচিন কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কামৰূপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত থকা পূৰ্বতে বিভিন্ন কৃষিৰ বাবে মেৰামতি কৰা কাৰখানাটোত পৰিতপ্তৰ অৱস্থাত থকাৰ দৃশ্য।