গুৱাহাটীঃ নিশাৰ গুৱাহাটীত পুনৰ সংঘটিত হ’ল নাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান হৈছে মালিগাঁও। শনিবাৰে নিশাৰ ভাগত মালিগাঁৱৰ ৰাজপথত লম্পটৰ নিৰ্যাতনৰ সন্মুখীন হয় এগৰাকী যুৱতী।
প্ৰাপ্ত বাতৰি মতে, সেই সময়ত ঘৰলৈ গৈ আছিল যুৱতীগৰাকী। তেনেতে এন্ধাৰৰ সুযোগ লৈ এজন যুৱকে যুৱতীগৰাকীক পিছফালৰ পৰা টানি ধৰে। টানি ধৰাতে ক্ষান্ত নাথাকি যুৱতীগৰাকীৰ গাৰ কাপোৰ খুলি ধৰ্ষণৰ চেষ্টা চলায়।
লম্পটজনৰ এনে কাণ্ডত আতংকিত হৈ যুৱতীগৰাকীয়ে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰে। কিন্তু কোনো এজন লোকে তেওঁক সহায়ৰ বাবে আগবাঢ়ি নাহিল। অৱশেষত নিজ চেষ্টাৰে সাহসেৰে কোনোমতে লম্পটজনৰ কবলৰ পৰা মুক্ত হ’বলৈ সমৰ্থ হয় যুৱতীগৰাকী।