ৰাজনীতি। মানে ৰজাৰ নীতি। ৰজাৰ নীতিনো কেনে? ৰজা ভেদে সুকীয়া হয় ৰজাৰ নীতি। ৰজাই যিটো শুদ্ধ বুলি ভাবে সেইটো ভুল হ’লেও শুদ্ধ। মন গ’লেই ৰজাই সলনি কৰিব পাৰে নিয়ম। মন গ’লেই ৰজাই এজনৰ সৈতে চুক্তি কৰিব পাৰে। মন গ’লেই ভংগ কৰিব পাৰে সেই চুক্তি। মুঠৰ ওপৰত ৰজাই নিজৰ মতে চলে। প্ৰজাই কি বিচাৰে, প্ৰজাই কি নিবিচাৰে সেয়া তেওঁৰ বিচাৰ্য নহয়। তেওঁৰ বিচাৰ্য হৈছে কিদৰে প্ৰজাক ফুচুলাই ৰাখি সদায় ৰজা হৈ থাকিব পৰা যায় সেই দিশটো। ইয়াৰ বাবে ৰজাই যিকোনো পৰ্যায়লৈকে যাবলৈ কুণ্ঠাবোধ নকৰে। প্ৰয়োজনত বন্ধু, সহোদৰ, পিতৃ আনকি মাতৃৰ শিৰতো তৰোৱাল থব পাৰে ৰজাই। অৱশ্যে দুই এজন ব্যতিক্ৰম ৰজা নথকা নহয়। কিন্তু তেনে ৰজা এপাচি শাকত এটা জালুক সদৃশ।
ৰজাৰ নীতি আজিও সেই একেই আছে। বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত। ভাৰতৰ কথা ক’বই নালাগে। ভাৰতত যিসকলে এতিয়া ৰজাৰ নীতি চৰ্চা কৰি আছে সেইসকলে মন গ’লেই সলনি কৰে নীতি-আদৰ্শ। তেওঁলোকক লাগে কেৱল ক্ষমতা। প্ৰয়োজনত দেশৰ সংবিধান, দলৰ সংবিধানকো ভৰিৰে মোহাৰি পেলাব পাৰে এইসকলে। শেহতীয়া উদাহৰণ নীতিশ কুমাৰ। মাজে মাজে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখা এই নেতাজনে এতিয়া বুলিয়েই নহয়, আৰম্ভণিৰে পৰা খেলি আহিছে এনে ৰাজনীতি।