79
গুৱাহাটীঃ টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ’ব কুইজ প্ৰতিযোগিতা৷ সামাজিক-সাংস্কৃতিক অনুষ্ঠান টাই আহোম য়ুথ ফ’ৰামে আগন্তুক অসম দিৱস উপলক্ষে অহা ২ ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
শনিবাৰে টাই আহোম য়ুথ ফ’ৰামৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিহাল গগৈৰ সঞ্চলনাত হোটেল বৰাক ৰেছিডেন্সীত এখন সভা অনুষ্ঠিত হয়৷