বোকাজানঃ পশ্চিমবংগৰ দাৰ্জিলিং জিলাক গোৰ্খালেণ্ড নামাকৰণেৰে দেশৰ ৩০ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি প্ৰদানৰ দাবীৰে দাৰ্জিলিঙৰ গোৰ্খাসকলে অব্যাহত ৰখা দীৰ্ঘদিনীয়া আন্দোলনৰ সমৰ্থনত আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ ৰাজ্যিক চৰকাৰখনে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ জৰিয়তে আন্দোলনকাৰীৰ ওপৰত কৰা নিৰ্মম লাঠিচালনা, গুলীচালনা, হত্যা আদিৰ প্ৰতিবাদত আজি পুৱা ১০ বজাত বিশ্বৰ বিভিন্ন দেশৰ লগত সংগতি ৰাখি বোকাজানতো গ্ল’বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চ, বোকাজানৰ আহ্বায়ক সমিতিৰ উদ্যোগত এক বিশাল শান্তি সমদল উলিওৱা হয় ৷
গ্ল’বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চ, বোকাজানৰ আহ্বায়ক সমিতিৰ আহ্বানত বোকাজান, লাহৰিজান, গৌতমবস্তি আদি স্থানৰ কেইবাশতাধিক গোৰ্খা সম্প্ৰদায়ৰ সমদলকাৰীয়ে আমাক গোৰ্খালেণ্ড লাগিবই, গোৰ্খালেণ্ড আমাৰ জন্মস্বত্ব অধিকাৰ, আমি গোৰ্খালেণ্ড সমৰ্থন কৰো, আমাৰ দাবী গোৰ্খালেণ্ড, ভাৰত মাতা কি জয় আদি বিভিন্ন শ্ল’গানেৰে বোকাজান নগৰৰ আকাশ বতাহ কঁপাই তোলে ৷