কাছাৰঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী-কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ আনকি চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ আইন ব্যৱস্থাইও ৰোধ কৰিব পৰা নাই এনে জঘন্য কাণ্ড৷

দেশৰ ভিভিন্ন প্ৰান্তৰ লগতে যোৱা কেইবাটাও দিনত ধৰ্ষণ তথা হত্যাৰ দৰে বৰ্বৰ, পাশৱিক কাণ্ড সংঘটিত হৈছে অসমতো৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ কাছাৰ জিলাত সংঘটিত হোৱা পুনৰ এক জঘন্য কাণ্ডই কঁপাই গ’ল মানুহৰ অন্তৰাত্মা৷ এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যাৰ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, দেওবাৰে কাছাৰ জিলাৰ চাপ্পনাহাল বাগিচাৰ নিচেই ওচৰৰ আৰকাটিপুৰত এগৰাকী যুৱতীৰ মৃতদেহ নগ্ন অৱস্থাত উদ্ধাৰ কৰা হয়। তিনিদিন ধৰি নিখোজ হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা অৱস্থালৈ চাই ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি পেলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষী তথা স্থানীয় লোকে।

ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ অভিভাৱক অভিযোগত ভিত্তিত আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাৰ সন্দেহত ৪জন যুৱকক আটক কৰি সোধপোছ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ধৃত লোককেইজন বাচ্চা কৰ্মকাৰ, ৰাজু চান্থাল, গুপ্তা ৰিকিছিন আৰু ছাজন ৰিকিছন বুলি জানিব পৰা গৈছে।  

আনহাতে ৰাজ্যত পুনৰ সংঘটিত হোৱা এই অমানুষিক কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দোষীক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে৷