ছৈখোৱাঃ পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত, যোগাযোগ তথা অন্যান্য ক্ষেত্ৰত অৱহেলিত গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান এই দুয়োটা শাখাতে আধিপত্য বিস্তাৰ কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ছৈখোৱা অঞ্চলৰ সচেতন মহলৰ প্ৰাসংগিক কথা এটাই ভবাই তুলিছে সকলোকে।
নাৰীৰ শিক্ষাক গুৰুত্ব দিয়াৰ কথা সততে আলোচিত হৈ থকাৰ সময়তে এই বৃহৎ অঞ্চলটোৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছিল এটা ছাত্ৰীনিবাস। দুৰণিবটীয়া ছাত্ৰীয়ে যাতে নিজৰ সপোন পুৰণ কৰাত দুৰত্ব বাধা হৈ নপৰে, তাৰ বাবেই ২০১৩ চনতেই এই প্ৰকল্পৰ অধীনত কাম আৰম্ভ হৈছিল।