গোলাঘাট, ২৪ আগষ্ট : গোলাঘাট জিলাত আইন-শৃংখলা অক্ষুন্ন ৰখাৰ লগতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তথা শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদ্বীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে ।
সেই অনুসৰি যিকোনো ৰাজহুৱা স্থান অথবা কোৱাৰেন্টাইন কেন্দ্ৰৰ ১০০ মিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনতকৈ অধিক লোক সমবেত হোৱা, সমদল উলিওৱা, ৰাজহুৱা স্থানত সভা-সমিতি পতা আদি নিষিদ্ধ কৰা হৈছে । ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা, চৰকাৰী বাহিনীৰ বাহিৰে অন্য লোকৰ লাঠী বা অস্ত্ৰ লৈ প্ৰশিক্ষণ বা কুচকাৱাজ, ৰেলী উলিওৱা, ৰাজপথ বা অন্য ৰাজহুৱা স্থানত মানহানিকৰ বা অপমানসূচক শ্ল’গান দিয়া, আপত্তিজনক প’ষ্টাৰ, প্লে-কাৰ্ড, কাৰ্টুন, পুত্তলিকা, দেৱাল লিখন আদি প্ৰদৰ্শন আৰু প্ৰকাশ, আটচবাজীৰ ব্যৱহাৰ আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।