গোলাঘাট, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে আজি গোলাঘাট জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ সমন্বয় পথাৰত সীমিত কাৰ্যসূচীৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰা হয় । দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে জিলাবাসীক উদ্দেশ্যি ভাষণ দিয়ে । তেওঁ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ পৰিয়াল, ক’ভিড যোদ্ধা, আদৰ্শ কৃষক আৰু গাঁওৰক্ষী বাহিনীক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক পুৰস্কাৰ প্ৰদান কৰে ।
অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ যথেষ্ট ভূমিকা আছিল বুলি উল্লেখ কৰি কয় যে দেশৰক্ষাৰ সংগ্ৰামত শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি, বিজু বৈষ্ণৱ, দ্বাৰিকী দাস আদিয়ে কাৰাগাৰতে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল । তেওঁ বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ লগতে জ্ঞাত-অজ্ঞাত সকলো স্বাধীনতা সংগ্ৰামীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । তেওঁ কয় যে ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাৰ জোৰা মৰাৰ বাবে বাজেটত ২০০ কোটি টকা ধার্য কৰা হৈছে । ক’ভিডৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ সকলোকে ক’ভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিডৰ বিভীষিকাৰ মাজতো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব ।