স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

Home অন্যান্য খবৰস্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

by News Desk
60 views
A+A-
Reset

গোলাঘাট, ৩ আগষ্ট : গোলাঘাট জিলাৰ সদৰত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবেলিও স্বাধীনতা দিৱসটি ক’ভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে ।

আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত উপায়ুক্তগৰাকীয়ে কয় যে ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিয়ে দিৱস উদযাপন স্থলীলৈ আহিব পাৰিব । সভাত জিলাখনৰ ৪ গৰাকী স্বাধীনতা সংগ্ৰামীক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ বাবেও সিদ্ধান্ত লোৱা হয় । লগতে স্বাধীনতা দিৱস উপলক্ষে অনলাইন ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । এইবেলিও ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ বাবে সিদ্ধান্ত লোৱা হয় ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0