গোলাঘাট, ২৪ জুলাই : উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ লগতে কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জিলাখনৰ ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষীক ক’ভিডৰ নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ।
মন্ত্ৰীগৰাকীয়ে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে । তেওঁ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম জল জীৱন অভিযানৰ সফল ৰূপায়নত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে । তেওঁ পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত এই আঁচনি ৰূপায়নত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে । এই আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ ১ লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে । বাদ পৰি যোৱা পৰিয়ালসমূহকো অতি সোনকালেই পৰ্যায়ক্ৰমে এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীক বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হয় ।