Home অন্যান্য খবৰজিলা উপায়ুক্তই ঘৰতে গৈ সম্বৰ্ধনা পত্ৰ আৰু গছপুলি উপহাৰ দি সম্বৰ্ধনা জনালে মুক্তিযুঁজাৰুক

জিলা উপায়ুক্তই ঘৰতে গৈ সম্বৰ্ধনা পত্ৰ আৰু গছপুলি উপহাৰ দি সম্বৰ্ধনা জনালে মুক্তিযুঁজাৰুক

by News Desk
78 views
A+A-
Reset

গোলাঘাট, ২৮ জুলাই : গোলাঘাট জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী, দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু দিৱস আজি *দেশভক্তি দিৱস* হিচাপে পালন কৰা হয় । ক’ভিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপিয়াকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি অৰ্পণ কৰাৰ ব্যৱস্থা কৰা হয় ।

জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতেই উপায়ুক্তগৰাকীৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত কুলদ্বীপ হাজৰিকা আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গ তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পার্ঘ নিবেদন কৰে । অনুষ্ঠানত দিয়া ভাষণত জিলা উপায়ুক্তগৰাকীয়ে কয় যে দেশসেৱাৰ মানসেৰে দেশভক্ত তৰুণৰাম ফুকনে কৰা ত্যাগ আৰু আদৰ্শক আজিৰ প্ৰজন্মই অনুধাৱন কৰিব পৰিলেহে এই দিৱস পালন সাৰ্থক হ’ব । তেওঁ কয় যে দেশভক্ত তৰুণৰাম ফুকন কেৱল এগৰাকী স্বাধীনতা সংগ্ৰামী নাছিল, বৰং দেশৰ যুৱ প্ৰজন্মক স্বদেশ প্ৰেমৰ ধাৰণাৰে উদ্বুদ্ধ কৰাত তেওঁ অন্যতম গুৰুদায়িত্ব বহন কৰিছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0